অভয়াপুৰীঃ বান সাহায্য নোপোৱাক লৈ আজি যোগীঘোপা নিকটৱৰ্তী খোৰাগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাচনীয়া-খোৰাগাঁও পঞ্চায়তৰ সভাপতি সদস্যই বান সাহায্য বিতৰণৰ ক্ষেত্ৰত মইমতালি প্ৰদৰ্শন কৰাৰ লগতে খোৰাগাঁও দ্বিতীয় আৰু তৃতীয় খণ্ডৰ অধিক সংখ্যক ৰাইজক বঞ্চিত হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে স্বাক্ষৰ কৰা এক অভিযোগ পত্ৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিক প্ৰদান কৰিছিল। সেই মৰ্মেই আজি উন্নয়ন খণ্ড কনকলতা দেৱী (B.D.O) উপস্থিত হৈ গাঁওখনত তদন্ত আৰম্ভ কৰে।
তদন্তত পোহৰলৈ আহে ভুৱা স্বাক্ষৰ দি বানাক্ৰান্তৰ সাহায্যৰ নামত অনা চাউল আৰু দালিৰ আত্মসাৎ কৰাৰ তথ্য। ৰাইজৰ ভুৱা স্বাক্ষৰ দি বিডিঅ’গৰাকীৰ হাতত তুলি ধৰে মেমবাৰ হাছান আলীয়ে। ৰাইজৰ দাবী সভাপতি আৰু মেমবাৰ হাছান আলীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। কাৰণ বানাক্ৰান্তৰ সাহায্যৰ লুণ্ঠনৰ লগতে ৰাইজৰ ভুৱা স্বাক্ষৰ দি প্ৰতাৰণা কৰিলে ৰাইজৰ প্ৰতিনিধিয়ে।