সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবেই বিগত দুটা বছৰে প্ৰশাসনে বন্ধ কৰি ৰাখিছিল নীতি বহির্ভূত ভাৱে চলোৱা দৈয়াং ষ্টন ক্ৰেচাৰ। কিন্তু গোলাঘাট জিলা প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ অধ্যক্ষাগৰাকীয়ে ক্ৰেচাৰ মেচিন পৰিদর্শন কৰিবলৈ অহাৰ পিছতে মালিক পক্ষই ক্ৰেচাৰ মেচিনটো চলাবলৈ যো-জা চলোৱাৰ ক্ষেত্ৰত দুয়ো পক্ষৰ মাজত গোপন বুজাবুজি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ মুক্তিয়ে।
প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ অধ্যক্ষা ৰীতা হৰণীয়া আৰু দৈয়াং ষ্টন ক্ৰেচাৰৰ মালিকৰ গোপন বুজাবুজিৰ অভিযোগ তুলি কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু স্থানীয় ৰাইজে আজি ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে। ৰাইজৰ সমস্যাক গুৰুত্ব প্রদান নকৰিলে উদ্ভৱ হ’ব পৰা যি কোনো পৰিস্থিতিৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ বৰ্ড আৰু প্ৰশাসনে দায়ী হ’ব বুলি কয় ছাত্ৰ মুক্তিয়ে।