যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তিনিখন দলং অৱস্থিত। ইয়াৰে এখন কাবাইটাৰী চিনাবাৰী, দ্বিতীয় খন চলন্তাপাৰা হৰিপানী আৰু আনখন নয়াগাঁও। ইয়াৰে নয়াগাঁৱৰ দলংখন বিগত দহ বছৰ ধৰি বহি যোৱাৰ ফলত কোনোধৰণৰ মেৰামতি নকৰি বিকল্প পথ এটাৰ যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছে। কিন্তু আন দুখন দলং শেহতীয়া অৱস্থা একেবাৰে জৰাজীৰ্ণ। চলন্তাপাৰাৰ হৰিপানী আৰু কাবাইটাৰী চিনাবাৰী দলং দুখনৰে গধুৰ বাহন দূৰৰ কথা লঘু বাহন চলাচল কৰিলে কম্পনৰ সৃষ্টি হয়।
ফলত যিকোনো মুহূৰ্তত উক্ত দলং দুখন খহি অৰ্থাৎ বহি যোৱাৰ সম্ভাৱনা প্ৰৱল। উল্লেখযোগ্য যে ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত দলং দুখনৰ এই দুৰৱস্থাৰ ফলত নিশা সঘনে দুৰ্ঘটনাত পতিত হয় বহু যান-বাহন। তাৰ পাছতো পথটো মেৰামতি কৰাত কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। স্থানীয় ৰাইজে পথছোৱাৰ ভঙা অংশবোৰ মেৰামতি কৰিবলৈ বিভিন্ন সময়ত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।