জনস্বাস্থ্যৰ প্ৰতি ভাবুকি দলগাঁৱৰ উদ্যোগঃ গেলা-পচা, দুৰ্গন্ধময়, পৰিত্যক্ত পানীৰ মাজেৰে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

 08/02/2019 - 14:06

দলগাঁওঃ দৰঙৰ দলগাঁৱত অসম উদ্যোগিক উন্নয়ন নিগমৰ মাটিত স্থাপন কৰা একাংশ উদ্যোগৰ পৰা নিৰ্গত লেতেৰা, দুৰ্গন্ধময় পানীয়ে অঞ্চলটোৰ ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে। উদ্যোগৰ পৰা নিৰ্গত দূষিত পানীবোৰ কোনো ধৰণৰ পৰিশোধন নকৰাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

উদ্যোগৰ নিচেই কাষতে উদ্যোগটোৰ পিছফালে থকা দীন দয়াল উপাধ্যায় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলেও লেতেৰা পানী গচকি অহা যোৱা কৰাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত উদ্যোগ কৰ্তৃপক্ষই অসম উদ্যোগিক উন্নয়ন আৰু জিলা উপায়ুক্তক অভিযোগ কৰিছে যদিও আজিলৈ কোনো সুফল পোৱা নাই জনসাধাৰণে। উদ্যোগৰ পৰা নিৰ্গত দূষিত পানী ওচৰৰ ঘৰ দুৱাৰত প্ৰৱেশ কৰাত মানুহৰ মাজত দেখা দিছে বিভিন্ন বেমাৰ আজাৰে। জিলা প্ৰশাসনৰ এনে নীৰৱতাই ছাত্ৰ-ছাত্ৰীৰ লগতে ওচৰ চুবুৰীয়া ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰিছে চৰম ভাবুকি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।