08/02/2019 - 17:08
in
বিজনীঃ চিৰাং জিলাৰ বিজনী আৰক্ষীৰ জালত বন্দী পলাতক ধৰ্ষণকাৰী। ধৰ্ষণকাৰীটোৰ নাম চফিউৰ আলম। দুতুৰী নিবাসী হানিফ আলীৰ পুত্ৰ পেছাত ৰাজমিস্ত্ৰী চফিউৰে বিগত ২২ জুলাইত আন ৫ সহযোগীৰে মিলি বিজনী দুতুৰীত এগৰাকী ১৭ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিছিল।
ইতিমধ্যে বিজনীৰ আৰক্ষীয়ে ২৩ জুলাইত আন ৫ অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। তেতিয়াৰে পৰা পলাতক অৱস্থাত আছিল চফিউৰ আলম। আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে উক্ত দিনৰ পৰা চফিউৰে বঙাইগাঁও চহৰত আত্মগোপন কৰি আছিল। আজি চফিউৰে বঙাইগাঁৱৰ পৰা বিজনীলৈ আহি থকা অৱস্থাত বিজনী বজাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰীটোক।