বালিপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দল-সংগঠনে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙাপৰা আৰু চতিয়া সমষ্টিত বান আৰু গৰাখহনীয়াই তীব্র ৰূপ ধাৰণ কৰি আহিছে। বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন বালিপৰা আঞ্চলিক সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বালিপৰা আঞ্চলিক সমিতি, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা, মানশিৰি আঞ্চলিক সমিতি, নিখিল বড়ো ছাত্ৰ সন্থা বালিপৰা আঞ্চলিক সমিতি, বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা, আক্ৰাছু, আটছাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে জীয়াভৰলী, মানশিৰি, জৰাসৰ আৰু কালনী নদীয়ে দীৰ্ঘদিনৰ পৰা দুয়োটা সমষ্টিত বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। খহনীয়াৰ কবলত পৰি ৰাইজে সৰ্বস্বান্ত হ’বলগীয়া হৈছে। ৰঙাপৰা আৰু চতিয়া সমষ্টিৰ অন্তৰ্গত শিঙিতলী, ৰাজগড়, বেৰাজান, অকাবস্তি বঙালী, বালিপৰা, চাৰিদুৱাৰ, ননকে বাকোলা, মৰিসূঁতি, মোলানগাঁও, বামগাঁও, দীঘলীগাঁও, দীঘলী বালিজান, গুদামঘাট, কালনীবস্তি, সৰুপাটগাঁও, পাকবিল, খেলমাটি, ২ নং মোলান পুখুৰী আদি গাঁও প্লাৱিত কৰি আহিছে। ইফালে সংগঠনসমূহে চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অতিৰিক্ত চক্ৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকাক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।