08/02/2019 - 18:35
in
ডিজিটেল ডেস্কঃ বিগত পাঁচ বছৰ ধৰি মোডী চৰকাৰে পোষ্ট অফিচৰ বহু পৰিৱৰ্তন কৰা দেখা গৈছে। এছ এছ ৱাই অৰ্থাৎ সুকন্যা সমৃদ্ধি যোজনাৰ দৰে গুৰুত্বপূৰ্ণ যোজনাও পোষ্ট অফিচৰ লগত জড়িত কৰে। একেধৰণে পোষ্ট অফিচত বেংকিঙৰ সুবিধা দিয়াৰ কথাও চৰকাৰে আলোচনা কৰিছে। বৰ্তমান চৰকাৰখনে পোষ্ট অফিচক লৈ অন্য এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লৈছে।
ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকক স্মল ফাইনেন্স বেংকলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লয় চৰকাৰখনে। এই সিদ্ধান্তৰ পিছতেই গ্ৰাহকসকলে পোষ্ট অফিচৰ পৰা লোন লাভ কৰিব। পোন প্ৰথমবাৰৰ বাবে পোষ্ট অফিচৰ দ্বাৰা গ্ৰাহকসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ মূল উদ্দেশ্য হ’ল গ্ৰামাঞ্চলত বেংকিঙৰ সুবিধা অতি সহজভাৱে প্ৰেৰণ কৰা। এই সকলো কথা লক্ষ্য ৰাখি মোডী চৰকাৰখনে পোষ্ট অফিচক লৈ এনে সিদ্ধান্ত লয় বুলি প্ৰকাশ কৰে।