দেৰগাঁও থানালৈ নিৰাপত্তা বিচাৰি অহা এগৰাকী মহিলাৰ ক্ৰন্দন

 08/02/2019 - 20:32

দেৰগাঁওঃ স্বামী আৰু স্বামী পৰিয়ালৰ দৈহিক-মানসিক নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলাই আজি নিৰাপত্তা বিচাৰি দেৰগাঁও থানালৈ আহে৷ কোলাত ডেৰ বছৰীয়া এটি কন্যা সন্তান লৈ অহা আৰু হিয়া উজাৰি কন্দা গীতাঞ্জলি হাজৰিকা নামৰ মহিলাগৰাকীয়ে জনোৱা অনুসৰি প্ৰায় ৪ বছৰৰ আগেয়ে কাৰ্বিআলংলঙৰ পৰা দেৰগাঁৱৰ মুদৈ গাঁৱৰ পৰাগ হাজৰিকাই বিয়া কৰাই আনিছিল৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি বিয়াৰ পাছৰ পৰাই শাহু- শহুৰৰ মন্ত্ৰণা শুনি স্বামীয়ে বিনা কাৰণত তেওঁৰ ওপৰত নিৰ্যাতন চলায়৷ যাৰ বাবেই মহিলাগৰাকীয়ে পূৰ্বে এবাৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছিল৷ আজি পুনৰ তেওঁ ঘৰ এৰি আহিবলৈ বাধ্য হয়৷ কিন্তু মহিলাগৰাকীয়ে ঘৰ এৰি অহাৰ কথা ক’লেই স্বামীয়ে বাৰে বাৰে আত্মহত্যাৰ ভাবুকি দিয়ে৷ তৎস্বত্বেও প্ৰাণৰ মমতাত তেওঁ ঘৰ এৰি থানালৈ আহে৷ মহিলাগৰাকীৰ দুখ যন্ত্ৰণাৰ কাহিনী কোনো পথাচাৰীৰ ফেচবুকৰ মাধ্যমেৰেও ইতিমধ্যে ভাইৰেল হৈছে সমগ্ৰ অঞ্চলত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।