08/04/2019 - 15:02
in
তিতাবৰঃ ৰাজ্যৰ এতিয়া ভিন্ন প্ৰান্তত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আজি পুৱতি নিশা এক বিশেষ সূত্ৰে খবৰ পাই তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰাই বৰহোলা আৰক্ষীক লগত লৈ পুৱতি নিশা এক তালাচী অভিযান আৰম্ভ কৰে। এই অভিযানতে AS-03-BC-8142 নম্বৰ ৰঙা ৰঙৰ এখন পাচলি কঢ়িওৱা Mahindra Jeeto নামৰ বাহনখনৰ চালকৰ চিটৰ তলত উদ্ধাৰ কৰে প্রায় ৫০০ গ্ৰাম নিচা জাতীয় টেবলেট।
গোলাঘাট জিলাৰ চাৰি নং তৰাণীৰ নিবাসী ৰঞ্জিত বৰা নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছসমূহ। আৰক্ষীৰ চকুত ধূলি দি বহু ড্ৰাগছ ব্যৱসায়ীয়ে বৰ্তমানেও তিতাবৰত চলাই আছে ব্যৱসায়। কিছু দুষ্টচক্ৰই নগালেণ্ডৰ পৰা ড্ৰাগছসমূহ অসমৰ সীমান্তৱৰ্তী অঞ্চল বৰহোলা, মেৰাপানী, তিতাবৰ, মৰিয়নী আদি অঞ্চলসমূহৰ মাজেদি প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আছে এনেবোৰ নিচা জাতীয় দ্ৰব্য।