08/04/2019 - 21:01
in
নগৰবেৰাঃ এনআৰচিৰ শুনানিৰ বাবে নতুনকৈ জাননি জাৰি কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলাৰ আলোপতি মাজৰচৰত। শুনানিৰ নামত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি মাজৰচৰ অঞ্চলৰ শ শ লোকৰ নামত এনে জাননি দি তাৰ পিছ দিনাই ৩০০/৪০০ কিলোমিটাৰ দূৰৰ শিৱসাগৰ, কলিয়াবৰ, গোলাঘাট আদি জিলাত উপস্থিত হ’বলৈ কোৱা হৈছে। এনআৰচি কৰ্তৃপক্ষৰ এনে নিৰ্দেশনাৰ বিৰুদ্ধে লোকসকলে ক্ষোভ প্ৰকাশ কৰে। এই অবিবেচকী কাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে।