08/05/2019 - 14:58
in
ঢকুৱাখনাঃ বৰদৈ পঞ্চায়তৰ বানৰ কবলত পৰা বহু কেইখন গাঁৱৰ ৮০ টা পৰিয়ালক বান সাহায্য প্ৰদান কৰে ঢকুৱাখনাৰ জিলা কৰ্মচাৰী পৰিষদে। বাৰিষা হ’লেই ছয় মাহে পানীত প্লাবিত হোৱা এই পঞ্চায়টোত চৰকাৰে যেনেধৰণে গুৰুত্ব দিব লাগিছিল তেনেধৰনে নিদিয়াৰ অভিযোগ উঠিছে।
ঢকুৱাখনাৰ জিলা কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰীসকলে ব্যক্তিগত ধন খৰছ কৰি বৰদৈ পঞ্চায়তৰ ৮০ টা পৰিয়ালক কম্বল, চাউল, দালি, নিমখ, বিস্কুট, চাৰ্ফ, চাবুন ফেনাইল বিতৰণ কৰে। লগতে বানাকান্ত লোকসকলে বিভিন্ন সামগ্রী বিতৰণ কৰা ঢকুৱাখনাৰ জিলা কৰ্মচাৰী পৰিষদক ধন্যবাদ জনায়।