এক অচিন ৰোগত আক্ৰান্ত ওৰাঙৰ এটি শিশুঃ সহায়ৰ আহ্বান

 08/05/2019 - 17:05

ওৰাংঃ ওৰাঙৰ চুমুৱা গাঁৱৰ এটি মৰম লগা শিশু এক অচিন ৰোগত আক্ৰান্ত হৈছে। শিশুটিৰ নাম থানেশ্বৰ মাহাতু। বয়স ৯ বছৰ। থানেশ্বৰ ৩ বছৰ বয়সৰ পৰাই অচিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত। অচিন ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে পৰাই আচৰিত ধৰণৰ আচৰণ কৰে শিশুটিয়ে। যাৰ ফলত ঘৰতে আবদ্ধ কৰি বান্ধি ৰাখিব লগীয়া হয় শিশুটিক। শিশুটিক সুস্থ কৰি তুলিবলৈ বহু উন্নত চিকিৎসালয় আৰু ডাক্তৰক দেখুৱাইছে যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে।

অকণমান চৰকাৰী সা-সুবিধা পালে ভাল ডাক্তৰক দেখুৱাই শিশুটিক সুস্থ কৰি তুলিবলৈ মন শিশুটিৰ মাতৃৰ। বেমাৰ বেছি হ’বলৈ ধৰিলেই আচৰিত ধৰণৰ আচৰণ কৰিবলৈ লয় শিশুটিয়ে। যাৰ ফলত শিশুটিৰ বাবেই সমাজৰ লোকৰ পৰাও নিন্দা, সমালোচনা গ্ৰহণ কৰিব লগীয়া হয় পৰিয়ালটোৱে।

শিশুটিক এতিয়া সুস্থ কৰি তুলিবলৈ উন্নত চিকিৎসাৰ‌ প্ৰয়োজন। কিন্তু শিশুটিক উন্নত চিকিৎসা প্ৰদান কৰিবৰ বাবে সামৰ্থ নাই দৰিদ্ৰ পৰিয়ালটোৰ। মৰম লগা শিশুটিৰ পিছে ক্ৰমাৎ ডাঙৰ বোৱাৰ লগে লগে বাঢ়ি আহিছে স্বাস্থ্যজনিত সমস্যা। ‌দিনক দিনে শিশুটি ডাঙৰ হ’বলৈ লোৱাত যেন সমস্যা বাঢ়ি আহিছে দৰিদ্ৰ পৰিয়ালটোৰ বাবে।

শিশুটিৰ মনত দুৰ্বাৰ হেঁপাহ ভাল মানুহ হৈ নিজৰ লগতে গাঁৱৰ নাম উজ্জ্বল কৰিবলৈ। ফলত এতিয়া এই দৰিদ্ৰ পহিয়ালটোলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। দৰিদ্ৰ পৰিয়ালটোৰ এই দুৰ্দশাৰ ছবি দেখি শিশুটিক সুস্থ কৰি তুলিবলৈ স্বাস্থ্য বিভাগ অথবা চৰকাৰক সহায়ৰ আহ্বান ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।