08/06/2019 - 20:03
in
ডিজিটেল ডেস্কঃ অভি-নীল হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। সাক্ষীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত ডকমকা থানাত নতুনকৈ গোচৰ ৰুজু কৰিছে অভি-নীলৰ পিতৃয়ে। আৰকৈ ইংতি কাথআৰ, চাৰলংকী ইংতি, বাবুছিং ইংতি, বিষ্ণুৰাম খাকলাৰীয়ে সাক্ষীক ভয় ভাবুকি দিয়াৰ অভিযোগ অভি-নীলৰ পিতৃৰ।
এই চাৰি অভিযুক্তই সাক্ষীক আদালতত ভাষ্য সলনি কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ কৰিছে অভি-নীলৰ পিতৃয়ে। বৰ্তমানলৈকে ৭৫ জন সাক্ষীৰ তিনিজনে আদালতত সলাইছে ভাষ্য।