08/08/2019 - 18:45
in
ডিজিটেল ডেস্কঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ স্নাতক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ ৩২ জনীয়া এটা দলে বিগত ৭ দিনে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত মঙলদৈত আদৰ্শনীয় কাম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জিলাখনৰ ৪ খন গাঁৱত দলটো বিভক্ত হৈ খেতিয়কসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ হাতে কামে লাগিছে।
যোৱা ৭ দিনত ১২ টা প্ৰণালী প্ৰদশৰ্ন কৰি কৃষকসকলৰ মাজত উপস্থাপন কৰে। আগন্তুক ৪ মাহত অঞ্চলসমূহৰ কৃষি খণ্ডৰ উন্নয়নৰ নিমিত্তে কাম কৰি যাব বুলি জানিব পৰা গৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ কৃষি বিজ্ঞানীসকলৰ সহায় লৈ দলটো আগবাঢ়ি গৈ গাঁওকেইখনৰ ধান, নাৰিকল, নেমু, মধুৰী আম, কল গছ আদিৰ ৰোগ নিৰাময়ৰ লগতে উৎপাদন বৃদ্ধিৰ প্ৰণালী প্ৰদৰ্শন কৰে। প্ৰতিজন কৃষকৰ বন্ধু হৈ পৰা দলটোৰ প্ৰতিজন সদস্যক লৈ গাঁৱৰ লোকসকল যথেষ্ট আশাবাদী বুলি জানিব পৰা গৈছে।