লংকাত সন্তানসহ মাতৃৰ ৰে’লৰ আগত পৰি আত্মজাহ

 08/09/2019 - 13:56

লংকাঃ পুৱা লংকাৰ ২নং ৰে’লৱে গেইটত এক শোকাবহ ঘটনা সংঘটিত হয়। নিজৰ এবছৰীয়া সন্তানক কোলাত লৈ এগৰাকী মাতৃয়ে আত্মজাহ দিয়ে| উজনিমূৱা অবধ অসম এক্সপ্ৰেছ ৰে’লৰ আগত পৰি আত্মহত্যা কৰে। ৰে’লৰ চিৰিৰ ওপৰত ছিন্ন ভিন্ন অৱস্থাত পৰি থকা মাতৃৰ মৃতদেহৰ কিছু আঁতৰত পৰি থকা কণমানি সন্তানৰ মৃতদেহৰ দৃশ্যই উপস্থিত সকলোকে কন্দুৱাই তুলিছে।

কণমানিটিৰ কাষত পৰি ৰৈছে বিস্কুটৰ পেকেটো। মাতৃ আৰু সন্তানৰ মৃতদেহৰ পৰিচয় বাতৰি লিখা সময়লৈকে উদ্ধাৰ হোৱা নাই। ঘটনাৰ কাষত থকা ২নং ৰে’লগেইটৰ গেইটমেনৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। পুৱা ৭মান বজাতে সংঘটিত ঘটনাৰ পিছত মৃতদেহৰ ওপৰেদি পাৰ হৈ গৈছে কেইবাখনো ৰে’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।