08/09/2019 - 14:02
in
ৰূপহীহাটঃ কংগ্ৰেছৰ দখলত থকা ৮৫ নম্বৰ ৰূপহীহাটত বিৰোধী দল কংগ্ৰেছ শিবিৰত ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে। এজনৰ পিছত আন জন পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। শেহতীয়াকৈ কাঞ্চনপুৰ পঞ্চায়তৰ কংগ্ৰেছৰ টিকটত নিৰ্বাচিত সভানেত্ৰী হোছনাৰা বেগমৰ নেতৃত্বত আঞ্চলিক সদস্যা আলোকমনি সৰকাৰ আৰু পাঁচ জন ৱাৰ্ড সদস্যই কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে।
বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদিকা ছালমা জেছমিনৰ উপস্থিতিত নাঙলধোৱাত আয়োজিত এক অনুষ্ঠানত সভানেত্ৰী আৰু আঞ্চলিক সদস্যাৰ উপৰি উপসভাপতি আতাবুৰ ৰহমান, চাৰিজন ৱাৰ্ড সদস্য ক্ৰমে আচফিয়া বেগম, আব্দুৰ ৰছিদ, ছাবিনা য়েছমিন আৰু আজিজুল হকে গেৰুৱা দলটোত যোগদান কৰে। বিজেপিত যোগদান কৰা পঞ্চায়ত প্ৰতিনিধিসকলক ছালমাই ফুলাম গামোচাৰে আদৰণি জনায়।