08/09/2019 - 14:06
in
বৰপেটাঃ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ সহযোগত বৃহস্পতিবাৰে বৰপেটাৰ ধানবান্ধাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। ধানবান্ধা হাইস্কুল প্ৰাংগনত অনুষ্ঠিত এই চিকিৎসা শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধো বিতৰণ কৰা হয়।
জনীয়াৰ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালেক আলীৰ বিশেষ তত্বাবধানত অনুষ্ঠিত এই শিবিৰত ডাঃ শ্বাহানুৰ ৰহমান আৰু ডাঃ ৰাতুল দাসে চিকিৎসা সেৱা আগবঢ়ায়। চিকিৎসা শিবিৰত ফাৰ্মাচিষ্ট ছাজাহান আলী, মইনুল হক চৌধুৰীৰ লগতে ডিজিটেল সাংবাদিক সন্থাৰ বিষয়-ববীয়াসকলে সহযোগ কৰে।