08/09/2019 - 14:55
in
মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ ভেলৌগুৰীৰ শালমাৰা গাঁৱত মাৰণাস্ত্ৰ উদ্ধাৰ। মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি ভেলৌগুৰী থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ নাছিৰ উদ্দিনৰ ঘৰত উদ্ধাৰ হয় এটা পইণ্ট ২২ চাইনিজ পিষ্টলসহ দুটা মেগজিন আৰু এটা এমোনেশ্বন। নাছিৰ উদ্দিন এটা দুৰ্ধৰ্ষ ডকাইত। নাছিৰ উদ্দিন বৰ্তমানলৈ বহুবাৰ আৰক্ষীৰ জালত পৰিছে যদিও আইনৰ সুৰুঙাৰে জে’লৰ পৰা ওলাই আহি পুনৰ সাজু হৈছিল অপৰাধমূলক কামকাজৰ বাবে।
মৰিগাঁও জিলা উপ আৰক্ষী অধীক্ষক লুহিত তালুকদাৰ, লাহৰীঘাট আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ মাৰুফ আশ্ৰফৰ নেতৄত্বত মৈৰাবাৰী আৰক্ষীয়ে চলাইছিল এই অভিযান। অৱশ্যে নাছিৰ উদ্দিন নামৰ ডকাইতটো এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে।