বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগনত আমছুৰ অৱস্থান ধৰ্মঘট

 08/09/2019 - 18:53

বৰপেটাঃ এন আৰ চিৰ হিয়াৰিঙৰ নামত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি যমৰ যাতনা ভূগাই আছে বুলি অভিযোগ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্র সন্থাই৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগনত আজি অনুষ্ঠিত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি আবুল হুছেইনে এই অভিযোগ কৰে৷ তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ SOP মতে শেহতীয়াকৈ পুনৰীক্ষণৰ জাননী প্ৰেৰণ কৰা হৈ আছে।

কিন্তু চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাৰ পিছতো জাননী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিসংগতি দেখা দিয়া বুলি কয়। নিয়মমতে এন আৰ চি হিয়াৰিঙৰ নটিচ এসপ্তাহ আগতে প্ৰেৰণ কৰিব লাগে কিন্তু একাংশ বিষয়াই এন আৰ চি প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰিবলৈ এৰাতিৰ ভিতৰতেই বহুতকে নটিচ প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰে।

এই সমগ্ৰ ঘটনাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ দণ্ডাধীশ মৃদুল খাটনিয়াৰৰ উপস্থিতিত উপায়ুক্তৰ জড়িয়তে কেন্দ্ৰীয় গৃহ সচিবলৈ প্ৰেৰণ কৰে। আমছুৰ এই দুঘণ্টীয়া অৱস্থানত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামান আৰু বৰপেটা জিলাৰ আমছুৰ সভাপতি নজৰুল ইছলামৰ লগতে বিভিন্ন আঞ্চলিকৰ বিষয় ববীয়াসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।