08/09/2019 - 19:08
in
ৰঙিয়াঃ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই ৰঙিয়াৰ মহকুমাধিপতি মুনিদ্ৰ বৰদলৈৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্ঠা তৌফিক আহমেদৰ লগতে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সোনজ্যোতি বৰুৱা আৰু সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা উপস্থিত থকা প্ৰতিনিধি দলটোৱে শেহতীয়াভাবে ৰঙিয়া মহকুমাত হৈ যোৱা বানপানীৰ বাবে মহকুমাটোৰ বান বিধস্ত অঞ্চলসমূহৰ বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ লগতে অতি শীঘ্ৰে পাঠদান আৰম্ভ কৰা, চিকিৎসা ব্যৱস্থা উন্নত কৰা, ৰাস্তা-ঘাট অতি শীঘ্ৰে নিৰ্মাণ কৰাকে ধৰি কৃষক ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী স্মাৰক পত্ৰখনত উল্লেখ কৰে।