08/09/2019 - 19:20
in
ৰহাঃ ৰহাৰ দগাঁৱত অঘটন। বিষাক্ত সৰ্প দংশনত মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজনৰ নাম বিবেক নাথ। জানিব পৰা মতে বিবেকে নৱ বিবাহিতা পত্নীৰ সৈতে বৃহস্পতিবাৰে নিশা ঘৰৰ বাহিৰলৈ গৈছিল। সেই সময়তে এডাল বিষাক্ত সাপে দংশন কৰে বিবেকক।
লগে লগে বিবেকক নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে এণ্টিভেনম বেজী দিয়ে। পিছত পৰিয়ালৰ লোকে বিবেকক চিকিৎসালয়ৰ পৰা আনি মৰিগাঁৱৰ এজন বেজৰ ওচৰলৈ লৈ যায়। কিন্তু পুৱা বিবেকৰ মৃত্যু হয়।