দিল্লীত পুনৰ নিৰ্যাতনৰ বলি হ’ল উত্তৰ-পূবৰ কিশোৰী

 08/09/2019 - 19:27

ডিজিটেল ডেস্কঃ ৰাজধানী নগৰী নতুন দিল্লীত পুনৰ নিৰ্যাতনৰ বলি হ’ল উত্তৰ-পূবৰ কিশোৰী। মেঘালয়ৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত পাঁচ দিন ধৰি চাৰিজন দুৰ্বৃত্তই দলবদ্ধভাৱে ধৰ্ষণ কৰে। জানিব পৰা মতে হাস্পতালত কৰ্মৰত দুজন লোকে চাকৰিৰ প্ৰলোভন দি কিশোৰীগৰাকীক গুৰুগ্ৰামলৈ লৈ আহি আন চাৰিজন লোকৰ হাতত কিশোৰীগৰাকীক গতাই দিয়ে। তাৰ পিছতে সংঘটিত হয় এই জঘন্য কাণ্ড।

হিন্দী-ইংৰাজী ক’ব নোৱাৰা কিশোৰীগৰাকীয়ে পূৰ্বৰ চিনাকী এগৰাকী মেঘালয়ৰ যুৱতীৰ কাষ চাপি সম্পূৰ্ণ ঘটনাৰ কথা অৱগত কৰে। তাৰ পিছতে চিনাকী যুৱতীগৰাকীৰ সহায়ত দিল্লীস্থিত মেঘালয় হাউছত সহায় বিচাৰে। মেঘালয় হাউছৰ কৰ্তৃপক্ষই আৰক্ষীক সম্পূৰ্ণ ঘটনাৰ কথা অৱগত কৰাই এক গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কিন্তু আন দুজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।