জুৰীয়াঃ দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ কথা কৈ অহা শাসনাধিস্থ বিজেপি চৰকাৰখনৰ কাৰ্যকালতে এতিয়া দুৰ্নীতি অনিয়মে সীমা অতিক্ৰম কৰিছে। বিশেষকৈ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ অবৈধ মিতিৰালিৰ বাবেই এতিয়া পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। জুৰীয়াত অতি নিম্ন মানৰ কামেৰে কোটি টকীয়া এটা পথৰ নিৰ্মাণ কাৰ্যত হোৱা ব্যাপক অনিয়মৰ অভিযোগ উঠিছে।
বিভাগীয় বিষয়া কৰ্মচাৰীৰ সহযোগত পথছোৱা নিৰ্মাণত ঠিকাদাৰে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰাৰ লগতে আৰক্ষী থানাত গোচৰো তৰিবলৈ বাধ্য হয়। জুৰীয়াৰ কান্ধুলীমাৰী, কটকী হৈ মেলেকাধিঙলৈ যোৱা পথছোৱা নিৰ্মাণৰ বাবে ২০১৮-১৯ বৰ্ষত S.O.P.D আঁচনিৰ অধীনত ১ কোটি ৭২ লাখ টকাৰ আৱণ্টন দিয়ে।
ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা পথছোৱাৰ ঠিকা লাভ কৰা আবু বক্কৰ ছিদ্দিকে অতি নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। চেণ্ড গ্ৰেভেল, শিলগুটি নিদিয়াকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই কাম কৰাত ৰাইজ জাঙুৰ খাই উঠিছে। ইতিমধ্যে নিৰ্মীয়মান অৱস্থাতে পথছোৱা ভাগিবলৈ ধৰিছে। ক্ষুব্ধ ৰাইজে নিম্নমানৰ চি চি ব্লকসমূহ আঁতৰাই নিয়াৰ দাবী উত্থাপন কৰাৰ লগতে নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰে।