বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াৰ উদিয়মান যুৱক তথা বিশিষ্ট সমাজকৰ্মী ইলিয়াছ ৰহমত উল্লাহৰ নেতৃত্বত এটি সঁজাতি দল আজি উপস্থিত হয়হি ৰাইদঙীয়াৰ অন্তৰ্গত আইভেটিৰ কদমতলস্থিত হেমন্ত শইকীয়াৰ বৃদ্ধ পিতৃ-মাতৃৰ কাষত। উল্লেখ্য যে হেমন্ত শইকীয়া(জান) নামৰ যুৱকজনে ২০১২ চনত অনা অসমীয়া ঠিকাদাৰ ৰমেশ আগৰৱালাৰ নিৰ্দেশত নগাঁও আৰু কাৰ্বিআংলং জিলাৰ সমীপৱৰ্তী বালিজুৰি নামৰ গাঁৱলৈ এখন আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণৰ বাবে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। তাতেই সেই বৰ্ষৰ ১৪ মাৰ্চত কাৰ্বি উগ্ৰপন্থী সংগঠনে নিৰীহ যুৱকজনক অপহৰণ কৰিছিল।
পিছত উগ্ৰপন্থীয়ে যুৱকজনৰ মুক্তিৰ বিনিময়ত ঠিকাদাৰ ৰমেশ আগৰৱালাৰ পৰা ১৭ লাখ টকা দাবি কৰিছিল যদিও পৰবৰ্তী পৰ্যায়ত ১২ লাখ টকাত এৰি দিবলৈ মান্তি হৈছিল৷ যুৱকজনৰ দুৰ্ভগীয়া পিতৃ-মাতৃক সেই মুক্তিপণ আদায় দি যুৱকজনক মুকলাই অনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ধুৰন্ধৰ ঠিকাদাৰজনে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ যাৰ ফলত বিগত সাত বছৰ ধৰি পুত্ৰ ঘৰলৈ ঘুৰি অহাৰ পৰম আশাৰে বাট চাই অতি দৰিদ্ৰ দুৰ্ভগীয়া বৃদ্ধ পিতৃ-মাতৃয়ে চকুপানী টুকি আহিছে৷ এই হৃদয় বিদাৰক কৰুণ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত নিৰুদ্দিষ্ট যুৱকজনৰ উৰুখা পঁজাত আজি উপস্থিত হৈ উদিয়মান যুৱক ইলিয়াছ ৰহমত উল্লাহে সতীৰ্থ তাফাজ্জুল হুছেইন, লুতফুৰ ৰহমান, ছাদ্দাম হুছেইনক লগত লৈ যুৱকজনৰ বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফুলাম গামোচাৰে সেৱা জনাই কিছু পৰিমাণৰ নগদ ধন সাহায্য হিচাপে প্ৰদান কৰে৷
তদুপৰি মানৱ দৰদী উদ্যমী যুৱক ইলিয়াছ ৰহমত উল্লাহে পৰবৰ্তী সময়তো সাধ্যানুসাৰে দৰিদ্ৰ পৰিয়ালটোত সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আৰক্ষী প্ৰশাসনক সমগ্ৰ বিষয়টো উচিৎ তদন্তৰে শীঘ্ৰে পোহৰলৈ আনিবলৈ দাবী জনায়৷ গতিকে স্থানীয় জনপ্ৰতিনিধিৰ সুদৃষ্টি নপৰিলেও এনেদৰে দুৰ্যোগৰ সময়ত দুখৰ সমভাগী হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিয়াৰ বাবে হৃদয়ৱান যুৱক ইলিয়াছ ৰহমত উল্লাহৰ শলাগ লৈছে সচেতন ৰাইছে৷