08/09/2019 - 20:30
in
দলগাঁওঃ দৰঙৰ দলগাঁৱত অমিয়া ষ্টোৰ নামৰ এখন দোকানত ম্যাদ উকলা তথা খোৱাৰ বাবে অনুপযোগী পাওৰুটি বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটোক লৈ গ্ৰাহক আৰু দোকানীৰ মাজত হুলস্থূলৰ সৃষ্টি হয়। এজন গ্ৰাহকক দোকানীৰ ৰামঠগন। এসপ্তাহ আগৰ তাৰিখৰ পাওৰুটী বিক্ৰীৰ অভিযোগ। গ্ৰাহকজনে বৃহস্পতিবাৰে দৰঙৰ দলগাঁৱৰ অমিয়া ষ্টোৰ নামৰ দোকানৰ পৰা এটা পাওৰুটী কিনি ঘৰলৈ নিয়াৰ পিছত ভেঁকুৰ উঠা দুৰ্গন্ধময় পাওৰুটিটো উদ্ধাৰ হয়।
পিছত গ্ৰাহকজনে দোকানটোত আহি ঘূৰাই দিয়াৰ সময়ত ঘটনাটো সদৰী হোৱাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য যে পাওৰুটিটো মঙলদৈৰ ৰিপোজ কাৰখানাত তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে। তৈয়াৰ কৰা তাৰিখ আছিল ২ আগষ্ট আৰু দোকানীয়ে বিক্ৰী কৰিলে ৮ আগষ্টত। ঘটনাটো তদন্ত মৰ্মে দোকানীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ একাংশ গ্ৰাহকে দাবী জনাইছে।