বিহালীঃ বিজেপিৰ বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত জিনজিয়া চেণ্টাৰৰ কেন্দ্ৰ বিন্দু জ্যোতিপ্ৰসাদ আগৰৱালা ৰংগ মঞ্চত বিজেপিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপিৰ বাঘমৰা মণ্ডল সমিতিৰ সভাপতি দধিৰাম শৰ্মাই সভাপতিত্ব কৰা সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰিন্স ভূঞাই। বিহালী সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ নেতৃত্বত বাঘমৰা ব্লকৰ আঠটাকৈ মণ্ডল কংগ্ৰেছৰ সভাপতি- সম্পাদকসহ প্ৰায় চাৰি শতাধিক কংগ্ৰেছ আৰু চি পি আই এম এল দলৰ সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
ইফালে আজি গেৰুৱা বসন পিন্ধা ভৰত কটোৱালে ভাষন প্ৰসংগত বিহালীত একমাত্ৰ নেতৃত্বৰ অভাৱতেই সকলোৱে আজি বিজেপিত যোগদান কৰা বুলি কয়। আজিৰ এই যোগদান কাৰ্যসূচীত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতী, উপ সভাপতি ড° ৰঞ্জন গগৈ, উপ-সভানেত্ৰী শেৱালি শৰ্মা, মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাঁতী, জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাস, জ্যেষ্ঠ কৰ্মী সদানন্দ দত্তকে ধৰি বিজেপিৰ প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।