ঘগ্ৰাপাৰৰ-ৰঙাফালিত বিশেষ স্বাস্থ্য শিৱিৰ-সজাগতা সভা

 08/09/2019 - 21:11

নলবাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সৌজন্যত বানপীড়িত অঞ্চলৰ লোকৰ বাবে ঘগ্ৰাপাৰ ৰাজহ চক্রৰ অন্তর্ভুক্ত আৰু ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ উদ্যোগত ২ নং ৰঙাফালি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি দিন যোৰা কাৰ্যসূচীৰে বিশেষ স্বাস্থ্য শিৱিৰ আৰু সজাগতা সভা এখন অনুষ্ঠিত হয়। বিশেষ স্বাস্থ্য শিৱিৰটো আনুষ্ঠানিকভাবে মুকলি কৰে আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশীয়ে।

সজাগতা সভাত ভাষণ দিয়ে নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ চক্ৰৱৰ্তী, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া পৰিয়াল পৰিকল্পনাৰ ডাঃ প্ৰতুল চক্ৰৱৰ্তী, জিলা ধঁপাত নিয়ন্ত্রণ আঁচনি বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ কৈলাশ ডেকা, জিলা যক্ষ্মা বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰ, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিলীপ কলিতা, জ্যেষ্ঠ চিকিৎসক ডাঃ নলিনীকান্ত বৰ্মন আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাই। সকলো বিশিষ্ট চিকিৎসক তথা ৰাজহ চক্র বিষয়াগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ যাতে কোনো কাৰণতে বানপানীৰ পিছত কোনো বেমাৰ নহয় তাৰ বাবে সকলো সময়তে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

বিশেষকৈ বিশুদ্ধ পানী সেৱন কৰা, পানী উতলাই খোৱা আৰু আঠুৱা ব্যবহাৰ কৰি শুব লাগে। আনহাতে যি কোনো বেমাৰ হ’লেই তৎকালীনভাবে চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়ায়। স্বাস্থ্য বিষয়ক সজাগতা সভাৰ মাজতে নলবাৰী এ এন এম, জি এন এম প্ৰশিক্ষণ কেন্দ্রৰ ছাত্রীসকলে নৱজাতকৰ যতন আৰু মাতৃ দুগ্ধ সেৱনৰ উপকাৰিতাৰ ওপৰত এখন সুন্দৰ নাট প্ৰদৰ্শন কৰে। ইফালে উক্ত অনুষ্ঠানৰ অন্তত বৃহত্তৰ অঞ্চলৰ প্ৰায় ৯০০ৰো অধিক ৰোগৰ মাজত স্বাস্থ্য পৰীক্ষা তথা ঔষধ-পাতি যোগান ধৰা হয় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।