নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ আয়োজন

 08/10/2019 - 13:49

নলবাৰীঃ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। এক সংবাদমেল যোগে এই কথা সদৰি কৰে নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেবচৌধুৰীয়ে। স্বাধীনতা দিৱস উপলক্ষে ১৩ আগষ্টত পুৱা প্ৰতিমূৰ্তি পৰিস্কৰণ, জলাশয় পৰিস্কৰণ আৰু বৃক্ষ ৰোপণ, উদ্যান পৰিস্কৰণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা আৰু সন্ধিয়া সকলো চৰকাৰী অনুষ্ঠানত আলোকসজ্জা প্ৰদৰ্শন কৰা হ’ব।

১৪ তাৰিখে দেশৰ হকে দৌৰ, স্বাধীনতাৰ ছবি শীৰ্ষক চিত্ৰাংকণ প্ৰতিযোগিতা, বাটৰ নাট, তৰ্ক প্ৰতিযোগিতা আৰু সন্ধিয়া স্বাধীনতাৰ গান শীৰ্ষক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব। ১৫ আগষ্টত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৰোগীৰ মাজত ফলমুল বিতৰণ, প্ৰতিযোগিতামূলক ফুটবল খেল অনুষ্ঠিত কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।