কোকৰাঝাৰত ডাইনীকাণ্ডঃ পৰিয়ালক গাঁও ত্যাগৰ নিৰ্দেশ গাঁওবাসীৰ

 08/10/2019 - 15:20

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা প্ৰথমখণ্ড গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত এসপ্তাহৰ ভিতৰতে গাঁও ত্যাগৰ নিৰ্দেশ দিয়াত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে উক্ত দুৰ্ভগীয়া পৰিয়ালটো নিজৰ ভাগ্যক ধিয়াই ঘৰ মাটি সম্পত্তি বিক্ৰী কৰি গাঁও এৰিবলৈ সাজু হৈছে। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰা জোৰনাগ্ৰা প্ৰথমখণ্ড গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাই সদৰি কৰা মতে তেওঁক গাঁওবাসীয়ে ডাইনী সজাই এসপ্তাহৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ দিয়ে। জংঘলত পূজা কৰা বুলি মিছা অপবাদ দি তেওঁক গাঁওত্যাগ কৰাৰ নিৰ্দেশনা দিয়াত উপায়হীন হৈ সম্পত্তি বিক্ৰী কৰা আৰম্ভ কৰিছে আৰু গাঁওবাসীয়ে নিৰ্ধাৰণ কৰা নিদিষ্ট সময়ৰ ভিতৰত গাঁও এৰি যাব।

তেওঁলোক গাঁওত্যাগ কৰাৰ পিছত ক’ত থাকিব, কি কৰিব নে আত্মহত্যা কৰিব সেয়া মাথোঁ ভগৱানে হে জানে বুলি উল্লেখ কৰে। তেওঁ সদৰি কৰা মতে বৃহস্পতিবাৰে গৰু বান্ধি প্ৰচণ্ড গৰমৰ বাবে গছৰ ছাঁত জিৰণি লৈছিল য’ত কোনোবাই পূৰ্বতে তামোল পানেৰে পূজা সম্পন্ন কৰিছিল। পিছত গাঁৱৰে জনৈক লংগৰে তেওঁক পূজা কৰা বুলি গাঁওবাসীক অৱগত কৰে আৰু গাঁৱত ৰাজহুৱা বিচাৰ সম্পন্ন হয়। এসপ্তাহৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ দিয়াৰ লগতে ভদ্ৰেশ্বৰ ৰাভাৰ সতে গাঁৱৰে কোনোবাই সম্পৰ্ক ৰাখিলে ৫০ হাজাৰ জৰিমণা দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। সেয়েহে দুৰ্ভগীয়া ভদ্ৰেশ্বৰ ৰাভাই সা-সম্পত্তি বিক্ৰী কৰা আৰম্ভ কৰি গাঁও এৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

ইপিনে উক্ত ঘটনা শুকুৰবাৰৰ বিয়লি আৰক্ষীৰ অৱগত হয় আৰু তৎমুহূৰ্ততে আৰক্ষী জোৰনাগ্ৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ ঘৰত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। প্ৰণিধানযোগ্য যে কেইবাবছৰ পূৰ্বে উক্ত গাঁওখনতে ছোৱালী এগৰাকী ডাইনী সন্দেহত হত্যাৰ বলি হৈছিল। কোকৰাঝাৰত ডাইনীৰ বিৰুদ্ধে সজাগতা আনিবলৈ বীৰুৱালা ৰাভা, প্ৰশাসন, এবছুকে ধৰি বিভিন্ন দল সংগঠনে বহু প্ৰচেষ্ঠা অব্যাহত ৰাখিছে যদিও চেগাচোৰোকাকৈ সংঘটিত হোৱা ডাইনীকাণ্ডই জিলাখনৰ পৰা যে এতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰ বিলুপ্ত হোৱা নাই তাকে উদঙাই দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।