দেৰগাঁওঃ দেৰগাঁৱৰ লঠাগাঁৱৰ নিবাসী তথা দেৰগাঁৱৰ ধৰ্মীয়, ক্ৰিয়া আৰু সাংস্কৃতিক অনুষ্ঠানকে ধৰি বহু কামত জড়িত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনচিচিৰ অৱসৰপ্ৰাপ্ত সৰবৰহী ব্যক্তি বিপিন দত্ত(বুপ দা) বিগত এমাহে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ যোৱা নিশা মৃত্য হয়। উল্লেখ্য যে তেখেতে দেৰগাঁৱত অনুষ্ঠিত হোৱা ফুটবল খেলসমূহত আৰু ভ্ৰাম্যমাণ নাটকত ঘোষক হিচাপে জনপ্ৰিয় আছিল।
তেখেতৰ মৃত্যুত অসম যুৱ পৰিষদ দেৰগাঁও গাঁও/নগৰ আঞ্চলিক সমিতি, লঠাগাঁও নামঘৰ পৰিচালনা সমিতি, লঠাগাঁও উদিত ক্লাৱ, উদিত মহিলা সমিতি, অগপৰ দেৰগাঁও নগৰ/গাঁও আঞ্চলিক সমিতি, প্ৰাক্তন এনচিচি কেডেট, দেৰগাঁও ক্ৰিয়া সংস্থা আদি অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোকপ্ৰকাশ কৰিছে। লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে। মৃত্যৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, জী-জোৱাই, নাতি, ভটিজা আদি এৰি থৈ গৈছে।