08/10/2019 - 16:57
in
ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত এন আৰ চিত সংঘটিত হোৱা বিসংগতি সন্দৰ্ভত হিন্দু জাগৰণ মঞ্চই আজি এখনি সংবাদমেলৰ আয়োজন কৰে। এনআৰচিক আইএমডিটি আইনৰ সৈতে তুলনা কৰি সংগঠনটোৱে কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক ঢাল হিচাপে ব্যৱহাৰ কৰি বাংলাদেশীক নাগৰিকত্বৰ লাইচেন্স দিবলৈ স্বৈৰাতান্ত্ৰিকভাৱে কু-অভিসন্ধি ৰচিছে। বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰি এনআৰচিত বাদ পেলাইছে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম।
৩১ আগষ্টত সম্পূৰ্ণ শুদ্ধ আৰু বিসংগতিহীন এন আৰ চি প্ৰস্তুত কৰিব নোৱাৰিলে চি ভি চিৰ ওচৰ চাপিম বুলিও প্ৰকাশ কৰে সংগঠনটেৱে। এক প্ৰেছ বিজ্ঞপ্তিত হিন্দু জাগৰণ মঞ্চৰ সভাপতি মৃণাল কুমাৰ লস্কৰ আৰু সাধাৰণ সম্পাদক ৰনজিৎ চন্দ্ৰ কলিতাই প্ৰকাশ কৰে যে লাগিলে আৰু সময় লওক, মুঠৰ ওপৰত আঁসোৱাহযুক্ত নাগৰিকপঞ্জী কোনো কাৰণতে মানি লোৱা নহ’ব।