দৰঙৰ বেছিমাৰীত প্ৰতিবাদ ইত্তেহাদ ফ্ৰণ্টৰ

 08/10/2019 - 17:06

দলগাঁওঃ এনআৰচিৰ নামত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ৰাইজক চলাই থকা হাৰাশাস্তি বন্ধ কৰা, শুনানিলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত হতাহত লোকৰ ক্ষতিপূৰণ দিয়াৰ লগতে জিলা শুনানি অনুষ্ঠিত কৰাৰ দাবীত সংগঠনটোৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত চৰকাৰ বিৰোধী শ্ল'গানেৰে ইত্তেহাদ ফ্ৰণ্টৰ শতাধিক কৰ্মী সমৰ্থকে ৰাজপথ উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।