ধিংঃ বিভিন্ন সময়ত বিভিন্ন ৰূপত বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। শনিবাৰেও সমষ্টিত আন এক ৰূপত দেখা পোৱা গ’ল বিধায়িকাগৰাকীক। বটদ্ৰৱাৰ শান্তিজান পথাৰত বহু কেইগৰাকী মহিলাৰ লগত ৰোৱনী ৰূপত দেখা পোৱা গ’ল বিধায়িকা আঙুৰলতাক। ৰোৱনিৰ সাজত পথাৰত নামি গাঁৱৰ ৰোৱনীৰ লগত একেলগে একাঁঠু বোকা পানীত নামি ভূঁই ৰুলে বিধায়িকাই।
শনিবাৰে বানাক্ৰান্ত কৃষকক সকাহ দিবলৈ নগাঁও জিলা কৃষি বিভাগে যোগান ধৰা কঠিয়াৰ লগতে প্ৰাকৃতিক সাৰ যোগান ধৰে এইসকল কৃষকক। কৃষকসকলক উৎসাহিত কৰিবৰ বাবেই বিধায়িকাগৰাকীয়ে নিজে বোকা পানীত নামি ভূঁই ৰুই আনন্দিত হোৱা দেখা গ’ল।
ভূঁই ৰুই শেষ হোৱাৰ পিছতেই ৰোৱনী সাজেৰে স্কুটি চলায় বটদ্ৰৱাৰ পৰিত্যক্ত অৱস্থাত থকা SEED ফাৰ্ম পৰিদৰ্শন কৰি নগাঁও জিলা কৃষি বিষয়াৰ উপস্থিতিত ফাৰ্মখনৰ উন্নয়নৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ বিষয়ে আলোচনাত মিলিত হয়।