গুৱাহাটীৰ চন্দ্ৰপুৰত শিশু শিক্ষা সমিতিৰ বালিকা শিক্ষাৰ কৰ্মশালাৰ আয়োজন

 08/10/2019 - 18:13

আমিনগাঁওঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিয়ে তিনি দিনীয়া কাৰ্যসূচীৰে বালিকা শিক্ষাৰ কৰ্মশালা গুৱাহাটীৰ হাজোংবৰীস্থিত বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্পত আয়োজন কৰিছে। ৯ আগষ্টৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা ১১ আগষ্টৰ আবেলি সামৰণি পৰিব। শিশু শিক্ষা সমিতি, অসমে বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্পত আয়োজন কৰা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সম্পাদক অনিমা শৰ্মা(পূৰ্বোত্তৰ ক্ষেত্ৰৰ উপাধ্যক্ষা), শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, শিশু শিক্ষা সমিতি, অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্তৰ সহ বৌদ্ধিক প্ৰমুখ ড° নীলিমা গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লৈছিল।

এই কৰ্মশালাৰ প্ৰাস্তৱিক ভাষণ ৰাখে অসম প্ৰান্তৰ বালিকা শিক্ষাৰ প্ৰমুখ কল্যাণী ঠাকুৰীয়াই। আদৰণি ভাষণ প্ৰদান কৰে সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে। ভাষণত তেওঁ কয় যে বালিকাই ভৱিষ্যতে গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰি এগৰাকী মাতৃ হৈ নিজৰ বালিকাক শিক্ষা দিব।বালিকাসকলক শিকোৱাৰ আগতে নিকেতনৰ আচাৰ্যাসকলে নিজে উপযুক্ত শিক্ষাৰে প্ৰশিক্ষিত হ'লেহে শিক্ষাদানত সহজ হ’ব। শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে ভাষণত কয় যে যি সকল আচাৰ্যাৰ সংকুল বা বিভাগৰ দায়িত্ব নাই তেওঁলোকে বালিকা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব লোৱা উচিত।

শেষত অনিমা শৰ্মাই কৰ্মশালাত ভাগ লোৱা শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে কয় বালিকা শিক্ষা কেৱল পাঠ্যক্ৰম আৰু বিদ্যালয়ৰ শ্ৰেণী কোঠাতে আৱদ্ধ নহয়। ঘৰ, বিদ্যালয় আৰু সমাজৰ পৰিসৰত বালিকা শিক্ষাৰ কাৰ্যক্ৰম কৰিব লাগিব। আচলতে বালিকা শিক্ষাৰ পাঠ্যক্ৰম বালিকাৰ সু-সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিব লাগে। বালিকা শিক্ষাৰ যোগেদি বিদেশী আক্ৰমণ আৰু পৰাধীনতাৰ ফলত ছিন্ন ভিন্ন হোৱা ভাৰতীয় ইতিহাসৰ বুকুত লুপ্ত আৰু নষ্ট হোৱা ভাৰতীয় সংস্কৃতি উদ্ধাৰ কৰাটোৱে হৈছে বালিকা শিক্ষাৰ আধাৰ। এই সন্দৰ্ভত আচাৰ্যাসকলে মাতৃভাৰতীৰ জৰিয়তে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা উচিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।