08/10/2019 - 19:19
in
নলবাৰীঃ ঈদৰ প্ৰাক মুহূৰ্তত নলবাৰী বেলশৰৰ বৰ্ণি গাঁৱত এজনী ১৪ বছৰীয়া কিশোৰীক আব্দুল ওৰফে কয়া নামৰ ওচৰৰে যুৱক এজনে কোনো নথকাৰ সুযোগ লৈ পানী খোৱাৰ চলেৰে ছোৱালীজনীৰ ঘৰত সোমাই ধৰ্ষণ কৰে৷ পৰৱৰ্তী সময়ত ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰাত লম্পটটো পলাবলৈ চেষ্টা কৰে যদিও ছোৱালীৰ ঘৰৰ মানুহে থানাৰ লগত যোগাযোগ কৰাৰ পিছত বেলশৰ আৰক্ষীয়ে যুৱকজনক কৰায়ত্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
হিন্দু জাগৰণ মঞ্চ অসম নলবাৰী জিলা সমিতিয়ে খবৰ পোৱাৰ পিছতে তাৎক্ষণিকভাৱে বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লগ কৰি দোষীৰ শাস্তি সম্পৰ্কে আলোচনা কৰে। তাৰ পিছতে ভুক্তভোগী ছোৱালীজনীৰ পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিয়ালৰ লোকেৰে কথা হয় আৰু দোষীৰ উপযুক্ত শাস্তিৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷