08/10/2019 - 19:36
in
বৰপেটাঃ স্বেচ্ছাসেৱী সংগঠন আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সহযোগত আজি চেঙাৰ মুছলমান পাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। ২৯ নং চেঙা মুছলমান পাৰা অভ্যাসন মজলীয়া বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই চিকিৎসা শিবিৰত প্ৰায় দুই শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধো বিতৰণ কৰা হয়।
জনীয়াৰ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ বিশেষ তত্বাবধানত অনুষ্ঠিত এই শিবিৰত ডাঃ শ্বাহানুৰ ৰহমান আৰু ডাঃ আবুক্কৰ ছিদ্দিকে চিকিৎসা সেৱা আগবঢ়ায়। চিকিৎসা শিবিৰত ৰাজা আলীৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে সহযোগ কৰে।