ৰৌতাৰ ফুহুৰাবাৰীত বিশাল যোগদান সভা

 08/10/2019 - 19:41

ওদালগুৰিঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতাও সিমানেই বৃদ্ধি পাইছে। পিছ পৰি ৰোৱা নাই হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলো। তৃতীয় বাৰৰ বাবে পৰিষদ দখলৰ কুচকাৱাজ আৰু অধিক তীব্ৰতৰ কৰি তুলিছে বিপিএফে। তাৰে অংশ হিচাপে আজি বিটিচিৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ ফুহুৰাবাৰী ভিচিডিচিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত হয় বিশাল যোগদান সভা।

৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰন বড়োৰ উপস্থিতিত ফুহুৰাবাৰী প্ৰাইমাৰী কমিটীৰ যুৱ মৰ্চাৰ সভাপতি মজিবুৰ ৰহমানৰ নেতৃত্বত কংগ্ৰেছ আৰু এআইইউডিএফ দল ত্যাগ কৰি এশৰো অধিক যুৱক আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। আজি দলত যোগদান কৰা যুৱ কৰ্মীসকলক নিষ্ঠা তথা নিঃস্বাৰ্থভাৱে দলৰ হৈ কাম কৰি যাবলৈ বিধায়ক চৰন বড়োৱে আহ্বান জনায়।

আগন্তুক বিটিচি নিৰ্বাচন সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নত বিধায়কগৰাকীয়ে কয় যে বিগত দুটা নিৰ্বাচনত বিটিচিৰ সৰ্বস্তৰৰ ৰাইজে যেনেদৰে মৰম কৰিছে ঠিক অনুৰূপ ধৰণে তৃতীয় বাৰৰ বাবেও ৰাইজে বিটিচিৰ শাসনভাৰ বিপিএফকে দিব বুলি মন্তব্য কৰে। আনহাতে বিভিন্ন সংবাদ মাধ্যমত বিপিএফ আৰু ইউপিপিএলৰ মাজত হোৱা মিত্ৰতাৰ খবৰ সন্দৰ্ভত বিধায়কগৰাকী অজ্ঞাত বুলি কৈ ৰহস্যজনকভাৱে বিষয়টোৰ ওপৰত কোনো মন্তব্য দিয়াৰ বিৰত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।