ছয়দুৱাৰ উন্নয়ন খণ্ডৰ মিছামাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

 08/10/2019 - 20:11

ছয়দুৱাৰঃ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মিছামাৰী গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ সপোন দেখুৱাই গাদী দখল কৰা নেতাই নিজেই নামিছে দুৰ্নীতিত। পঞ্চায়তখনৰ আঞ্চলিক সদস্যই দুখীয়া লোকৰ নামত অহা ৰন্ধন গেছ বিতৰণ কৰি হাজাৰ হাজাৰ টকা লুট কৰাৰ অভিযোগ উঠিছে। এই দুৰ্নীতি পোহৰলৈ আনিছে এটা ফেচবুক পোষ্টে।

লীলা উপাধ্যায় নামৰ এজন বিজেপিৰ কৰ্মীয়ে পোষ্টটোত উল্লেখ কৰা মতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৮২০ টকীয়া ৰন্ধন গেছ বিতৰণ কৰিলে ১০০০ টকাকৈ। এই ক্ষেত্ৰত বিজেপিৰ সহকৰ্মী তথা আঞ্চলিক পঞ্চায়তৰ সদস্য টেটুন মিলিয়ে এই দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে। পঞ্চায়তখনৰ সভাপতি সূৰ্য বাহাদুৰ ছেত্ৰীয়ে জানিবলৈ দিয়া মতে ৮০০ টকীয়া ৰন্ধন গেছ ১০০০ টকাকৈ বিতৰণ কৰাটো সত্য যদিও তেওঁ এই বিষয়ত জড়িত নহয়।

অকল ৰন্ধন গেছেই নহয় টেটুন মিলিৰ বিৰোদ্ধে আৰু বহু দুৰ্নীতিৰ অভিযোগ আছে। এই ক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰে দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাক নাকী লগাব পাৰিব নে বুলি সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। লগতে মিছামাৰী ২ নং ৱাৰ্ডত পোন্ধৰ বছৰ ধৰি এচপৰা মাটি নপৰাৰ লগতে ৰাস্তাৰ বিনিমত প্ৰতাৰণাৰ বাহিৰে গহপুৰৰ বিধায়কে একো কৰা নাই বুলি জনতাই দুখ প্ৰকাশ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।