ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 08/10/2019 - 21:12

ৰহাঃ "বৰ্তমান সমাজখনত যুবক-যুৱতীসকল অধিক পৰিমাণে উচ্ছৃংখল হ’ব ধৰিছে৷ বৰ্তমানৰ শিক্ষা ব্যৱস্থা ইয়াৰ মূল কাৰণ৷ ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাই যুব প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথৰ সন্ধান দিব পৰা নাই৷ আধুনিক শিক্ষা ব্যৱস্থাটো মানুহ সৃষ্টি কৰিব পৰাকৈ উন্নীত কৰিব লাগিব"। এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমজ্জুল ভট্টাচাৰ্যই। আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিবস উপলক্ষে আয়োজন কৰা "যুব উচ্ছৃংখলতা, অন্ধ বিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণত সমাজ আৰু সংবাদ মাধ্যমৰ দায়বদ্ধতা" শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্যউপদেষ্টা গৰাকীয়ে আৰু কয় যে কুসংস্কাৰ দূৰীকৰণত অসমৰ সংবাদ মাধ্যমৰ গৌৰবোজ্জ্বল ইতিহাস আছে৷

অৰুণোদয়ৰ প্ৰস্তাৱনা সংখ্যাৰ পৰাই এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে৷ অসমৰ শিক্ষা ব্যবস্থাৰ সম্পৰ্কত আছুৰ উপদেষ্টাগৰাকীয়ে আৰু কয় যে শিক্ষা ব্যৱস্থাই মূল্যবোধৰ আৰু শক্তিশালী বাটৰ সন্ধান দিয়ে, ইয়াৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক স্তৰলৈ সঠিকভাবে শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ প্ৰয়োজন আছে৷ ৰহাৰ মহেন্দ্ৰ নাথ হাজৰিকা প্ৰেক্ষাগৃহত বিশিষ্ট সাংবাদিক ড° আবু হানিফাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা অভিনেত্ৰী ড° আকাশী তৰাই সাংবাদিকতা দেশ প্ৰেমৰ অংশ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

তেওঁ আৰু কয় যে যি খন সমাজত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰে নিৰাপত্তা নাই সেই খন সমাজত উন্নতি তথা পৰিবৰ্তন হৈছে বুলি কোনো কোৱাৰ অধিকাৰো নাই বুলিও মন্তব্য কৰে৷ বৰ্তমান সময়ত পৰস্পৰে পৰস্পৰৰ প্ৰতি অনুকম্পা, মৰম আৰু শ্ৰদ্ধা থকা সমাজ এখন সৃষ্টি হোৱাটো প্ৰয়োজন বুলিও মন্তব্য কৰে৷ সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে বৰ্তমান সময়ত যুব প্ৰজন্মৰ উচ্ছৃংখলতাৰ মূল কাৰণ নেতৃত্বৰ দুৰ্বলতা বুলি মন্তব্য কৰি কয় নেতৃত্ব সবল নোহোৱাৰ বাবে যুব সমাজখন সঠিকভাবে আগুৱাই নিব পৰা নাই৷

উগ্ৰবাদৰ চিন্তা চৰ্চাৰ হোৱাৰ বাবে বৰ্তমান সময়ত লোক বিশ্বাসসমূহে সমাজত গা কৰি উঠিব ধৰিছে তাৰ ফলস্বৰূপেই কুসংস্কাৰ আৰু অন্ধবিশ্বাসে সমাজত প্ৰভাৱিত কৰিব ধৰিছে বুলিও কয়৷ অন্যহাতে প্ৰতিষ্ঠা দিৱসৰ বক্তৃতানুষ্ঠান শুভাৰম্ভ কৰে এটি সমৱেত সংগীতেৰে। বিশিষ্ঠ সাংবাদিক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ আবু হানিফাৰ সঞ্চালনাত বক্তৃতানুষ্ঠানৰ শুভ উদ্বোধন কৰে ৰহা মীন মহাবিদ্যালয়ৰ ডীন ড৹ কৃষ্ণকান্ত তামুলীয়ে। উদ্বোধনী ভাষণ প্ৰসঙ্গত ড৹ তামুলীয়ে বৰ্তমান সময়ত যুৱ উচ্ছৃংখলতাৰ সন্দৰ্ভত কেইবাটাও দিশ আঙুলিয়াই দি তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰ নাথ বৰকটকীয়ে সভাৰ নিৰ্বাচিত বিষয় "যুৱ উচ্ছৃংখলতা, অন্ধবিশ্বাস আৰু কুসংস্কাৰত সমাজ আৰু সংবাদমাধ্যমৰ দ্বায়বদ্ধতা" বিষয়ত বিশেষ আলোচনা আগবঢ়ায়। সাহিত্যিকগৰাকীয়ে এই ধৰণৰ বিষয়ত সংবাদ মাধ্যমৰ আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে বিশেষভাৱে সহযোগ নকৰিলে সমস্যাসমূহ দূৰীকৰণ কৰাত সম্ভৱ নহয় বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দীপক কুমাৰ শৰ্মাই।

লগতে ৰহা প্ৰয়াত সাংবাদিক তথা অসমৰ ফটো সাংবাদিকৰ বাটকটীয়া অজিত হাজৰিকা, জীৱন সিংহ আৰু মোহন কাকতিৰ স্মৃতিৰ বন্তি প্ৰজ্বলন কৰে উপদেষ্টা সুভাষ ডেকাই আৰু স্মৃতি তৰ্পন কৰে উপদেষ্টা নোমল দাসে। তদুপৰি পুৱা দহ বজাত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। সভাত অধ্যক্ষ ড৹ বেদ কুমাৰ চলিহা, বিধায়ক ডিম্বেশ্বৰ দাস, আছু সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা, কেন্দ্ৰীয় সদস্য মৃদুল হাজৰিকা, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস আদি বহু বিশিষ্ট অতিথি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।