08/11/2019 - 13:40
in
লখিমপুৰঃ জমিয়ত উলামা-ই-হিন্দৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে লখিমপুৰ জিলা সমিতিয়ে শনিবাৰে বিয়লি লখিমপুৰ জিলাৰ পানীগাঁৱৰ আমতলা দুৱাৰপাৰ পাৰঘাট অঞ্চলৰ বানপিৰিত ৫০টা পৰিয়ালক আঠুৱা বিতৰণ কৰে। আঠুৱা বিতৰ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মুফটি আব্দুল হাচিবৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল।
অনুষ্ঠানটিত সহযোগ কৰে লখিমপুৰ নগৰৰ সমাজকৰ্মী ছাজাদ হাজৰিকা, ৰুপজোতি দত্ত আৰু ভোলানাথ দাসে। বানপীড়িত ৰাইজে জমিয়ত উলামা- ই-হিন্দলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।