ধনশিৰিত সক্ৰিয় নাৰী সৰবৰাহকাৰীঃ অপহৰণকাৰীৰ কৱলৰ পৰা কোনোমতে পলাই সাৰিল যুৱতী

 08/11/2019 - 13:59

সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানী অঞ্চলৰ এগৰাকী ১৭ বছৰীয়া যুৱতী সন্দেহজনক নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা কৌশলেৰে পলাই আহি স্ব-গৃহত উপস্থিত হয়। এই ঘটনাই মহকুমাটোত বৰ্তমানেও নাৰী সৰবৰাহকাৰী সক্ৰিয় হৈ থকাটো প্ৰতিপন্ন হৈছে। যুৱতীগৰাকীক ৭ আগষ্টত টেঙানী অঞ্চলৰে নিজৰা গগৈ নামৰ এগৰাকী মহিলাই যুৱতীগৰাকীৰ খুড়ীয়েকৰ সৈতে দেওপানী মন্দিৰলৈ লৈ যায়।

নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়া বহুৰূপী যুৱক জোন গগৈয়ে নিজৰা গগৈ নামৰ মহিলাগৰাকীৰ সহযোগত যুৱতীগৰাকীক শিৰত সেন্দুৰ দি বলপূৰ্বকভাবে বিয়া কৰাই লগত লৈ যায়। উক্ত ঘটনাত যুৱতীগৰাকীৰ খুড়ীয়েক হতভম্ব হয় আৰু কোনো ধৰণৰ ম'বাইল নথকাত যুৱতীগৰাকীৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে খবৰো দিব নোৱাৰিলে। যুৱকজনে যুৱতীগৰাকীক তেওঁৰ শিৱসাগৰৰ ঘৰলৈ নিব বুলি কৈছিল।

পিছদিনা ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ লোকে বৰপথাৰ আৰক্ষীক অৱগত কৰে। শুকুৰবাৰে যুৱতীগৰাকী ডিমাপুৰৰ পৰা কৌশলেৰে পলাই আহি নিজ গৃহত উপস্থিত হয়। শনিবাৰে যুৱতীগৰাকী অচেতন হৈ পৰাত চিকিৎসালয়লৈ লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে। বৰপথাৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা মহিলাগৰাকীক বিচাৰি অভিযান চলাছে যদিও সম্প্ৰতি মহিলাগৰাকী পলাতক অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।