চাকৰিৰ সাক্ষাৎকাৰঃ নলবাৰীত পৰীক্ষাৰ্থীক সামগ্ৰী নিব নিদিয়াক লৈ প্ৰতিক্ৰিয়া

 08/11/2019 - 15:20

নলবাৰীঃ আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো অসম পুলিচৰ ঠিকাভিত্তিক চাকৰিৰ সাক্ষাৎকাৰ অনুষ্ঠিত হয়। জিলাখনৰ চামতাৰ কামৰূপ কলেজ আৰু চামতাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে। কিন্তু দুয়োখনতে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱা স্থান দুটাৰ নিয়ম বেলেগ বেলেগ। পুৱা প্ৰায় ৬ বজাৰ পৰা দীঘলীয়া শাৰী পাতি কামৰূপ কলেজৰ আগত থিয় হৈ থকা পৰীক্ষাৰ্থীসকল সাক্ষাৎকাৰ দিবলৈ যাৱতীয় সামগ্ৰীবোৰ বেগত লগত লৈ আহিছিল। কিন্তু পৰীক্ষা অনুষ্ঠিত কৰা কৰ্তৃপক্ষই বেগ পৰীক্ষা প্ৰাংগণৰ বাহিৰত থ’বলৈ কোৱাত পৰীক্ষাৰ্থীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

পৰীক্ষাৰ প্ৰৱেশ পত্ৰত পৰীক্ষা গৃহৰ ভিতৰত কোনো ধৰণৰ বেগ ফোন মানি বেগ আদি নিব নোৱাৰে বুলি উল্লেখ আছে যদিও পৰীক্ষাৰ্থীয়ে কৰ্তৃপক্ষক প্ৰশ্ন কৰে যে যাৱতীয় সামগ্ৰীবোৰ বেগৰ ভিতৰত ভৰাই বেগটো থ’ব কত, ৰাস্তাত বেগটো থলে তাৰ ভিতৰৰ বস্তুৰ দায়িত্ব ল’ব কোনে। স্বয়ং পৰীক্ষা অনুষ্ঠিত কৰা কৰ্তৃপক্ষ এজনে বেগবোৰ থ’লেও দায়িত্ব ল’ব নোৱাৰো বুলি কয়।

তদুপৰি পৰীক্ষাৰ্থীৰ অভিযোগ অনুসৰি এজন সাংবাদিকে বাতৰি সংগ্ৰহ কৰিব যাওঁতে সেই কৰ্তৃপক্ষগৰাকীয়ে বিভিন্ন ধৰণৰ বাধা প্ৰদান কৰে। আনহাতে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পূৰ্ণ নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত হয়। পৰীক্ষা গৃহত কোনো ধৰণৰ বস্তু নিব নিদিয়াৰ বিপৰীতে পৰীক্ষাৰ্থীসকলক বেগবোৰ প্ৰাংগণৰ ভিতৰত থোৱাৰ ব্যৱস্থা কৰি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।