08/11/2019 - 16:24
in
ডুমডুমাঃ ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে আজি পুৱা ১০ বজাত ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজৰ বাসগৃহ ঘেৰাও কৰি এক অভাৱনীয় পৰিস্থিৰ সৃষ্টি কৰে। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা নোপোৱাত বিগত কিছুদিনৰ পৰা ডুমডুমাৰ বিভিন্ন সংগঠন বিলাকে আন্দোলন কৰি আছে যদিও জিলা প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজৰ বাসগৃহ ঘেৰাও কৰি মহাবিদ্যালয়ত নামভৰ্তি কৰণৰ ব্যৱস্থা নকৰা পৰ্যন্ত বিধায়ক গৃহ ত্যাগ নকৰে বুলি প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে বিজেপি চৰকাৰখনে ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ব্যৱস্থা কৰি দিয়াত ব্যর্থ হৈছে বুলি বিধায়ক ভূমিজে ক্ষোভ উজাৰে।