08/11/2019 - 16:46
in
বাক্সাঃ বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত জাখলি বিল পাথাৰৰ তিনি গৰাকীকৈ শিশু ক্ৰমে তাহমিনা খাতুন (৯), ৰাফিজুল ইছলাম (৭) আৰু মাহফুজা খাতুন (৭) শনিবাৰে পানীত পৰি কৰুণভাবে মৃত্যু আঁকোৱালি লয়।
মৃতদেহকেইটা বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়লৈ অনাৰ পিছত ঘটনাৰ বুজ লয় শালবাৰী জিলা সমিতিৰ ABMSU ৰ কার্য্যকাৰী সভাপতি হজৰত আলীৰ লগতে অন্যান্য বিষয়ববীয়াসকলে। উক্ত ঘটনাৰ খবৰ পাই স্থানীয় এম চি এল এ কে ধৰি স্থানীয় সমাজ কৰ্মী, সচেতন যুৱকৰ লগতে প্ৰায় শতাধিক লোকে চিকিৎসালয়ত উপস্থিত হৈ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।