08/11/2019 - 17:42
in
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল লাহৰীঘাটৰ পৰা কামৰ সন্ধানলৈ গৈ বহিঃৰাজ্যত মৃত্যুক সাৱটি ল’বলগীয়া হয় এজন যুৱকৰ। ঘটনা বিৱৰণ অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ২নং বৰবড়ী গাঁৱৰ মজিবুৰ ৰহমানৰ পুত্ৰ হিবজুৰ ৰহমানে (১৯) এমাহ পূৰ্বে চেন্নাইৰ কয়ামবাদুৰ জিলাৰ চিন্নাপালিয়মৰ শিৱশক্তি পাঞ্জীমেইল নামৰ কোম্পানীত লগৰীয়াৰ লগত কাম কৰিবলৈ যায়।
অন্য দিনাৰ দৰে আজিও কোম্পানীটোত হিবজুৰ ৰহমানে কাম কৰি আছিল যদিও দিনৰ প্ৰায় ২ মান বজাত হঠাৎ মেইলৰ চেপাত মৃত্যু ঘটে। যুৱকজনৰ মেইলৰ চেপাত পৰি এখন হাত সম্পূৰ্ণৰূপে ছিগি যোৱাৰ লগতে মূৰত গুৰুতৰভাৱে আঘাত পোৱাত যুৱকজন থিতাতে নিহত হয় বুলি মৃতকৰ পৰিয়ালে জানিবলৈ দিয়ে। ইফালে যুৱকজনৰ মৃত্যুৰ খবৰে পৰিয়ালত শোকাকুল পৰিবেশ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।