08/11/2019 - 17:55
in
সৰুপথাৰঃ স্বাধীনতাৰ ৭২ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও সমস্যাৰে জৰ্জৰিত ধনশিৰি মহকুমাৰ অন্তৰ্গত বৃহত্তৰ টেঙানী অঞ্চল। আজি আঁহতগুৰি খেলপথাৰত টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টেঙানী অঞ্চলৰ বিভিন্ন সমস্যাক লৈ ৰাজহুৱা সভা আয়োজন কৰে। টেঙানী অঞ্চলৰ মাটিৰ পট্টাৰ সমস্যা, ৰাস্তাৰ সমস্যা, শিক্ষাৰ্থীৰ স্থায়ী বাসিন্দা প্ৰ-পত্ৰৰ সমস্যা, শিক্ষাৰ সমস্যা ইত্যাদি সমস্যাৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয় এই ৰাজহুৱা সভাখনত।
সমস্যা সমাধানৰ বাবে টেঙানী আঞ্চলিক ছাত্ৰ সন্থাই দাবী তুলিছে। উক্ত সভাত উপস্থিত থাকে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ আৰু সম্পাদক সুভাষ শইকীয়াৰ লগতে টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰা আৰু সম্পাদক সীমান্ত বৰা।