কামৰূপঃ ভয়াবহ বানে হাজোক ধুই নিয়াৰ পিছত সেই বিভীষিকা এতিয়াও পাহৰিব পৰা নাই হাজোবাসীয়ে। আজি কঁচুৱাৰবৰী মথাউৰিৰ ওপৰত ৰাইজে আয়োজন কৰিছে মাংগলিক কাৰ্য। মথাউৰিৰ ওপৰত আঁঠু কাঢ়ি পুঠিমাৰী নৈক ৰুধিবলৈ ভগৱানৰ ওচৰত জনালে প্ৰাৰ্থনা। নাগাৰা নাম অনুষ্ঠিত হ’ল কঁচুৱাৰবৰীত। হাজোত ভয়াবহ বান দুৰ্যোগৰ সময়ত হাজোবাসীৰ কাষত দেৱ দূত হৈ থিয় দিয়া স্থানীয় উদ্যোগী বনমালী শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা কঁচুৱাৰবৰী ৰাইজৰ।
বনমালী শৰ্মাৰ মংগল কামনাৰে সমূহ ৰাইজে হৰিধ্বনি দিলে একেলগে। উল্লেখযোগ্য যে কঁচুৱাৰবাৰীত মথাউৰি ছিঙি সমগ্ৰ হাজো প্লাবিত হোৱাৰ সময়ত নিজৰ ধনেৰে দুটাকৈ মথাউৰি নিৰ্মাণ কৰি পুঠিমাৰীক ভেটা দিছিল বনমালি শৰ্মাই। দুটাকৈ মথাউৰিত বনমালী শৰ্মাই খৰছ কৰিছিল ৩০ লাখ টকা। শৰ্মা আজি সকলোৰে ধন্যবাদৰ পাত্ৰ হৈ পৰিছে। ৰাইজে এতিয়া ভগৱানসদৃশ জ্ঞান কৰা বনমালী শৰ্মাও আজি সুখী ৰাইজৰ এই আদৰ দেখি। চৰকাৰৰ এটা বিভাগ থকাৰ পাছতো জলসম্পদ বিভাগে কৰিব নোৱাৰিলে কাম কিন্তু কাম কৰি দেখুৱালে বনমালী শৰ্মাই।