জামুগুৰিহাটৰ ১নং বাতমাৰিত বোমা বিষ্ফোৰণঃ আহত ২

 08/11/2019 - 18:57

জামুগুৰিহাটঃ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্ততে আজি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ১নং বাতমাৰীত এটি বোমা বিষ্ফোৰিত হৈ দুজন লোক আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ ৰঙাচকুৱা ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা মৰিসুঁতি ব্যৱসায়িক কেন্দ্ৰস্থললৈ যোৱাৰ পথত ১নং বাতমাৰিৰ পথৰ কাষৰ এডৰা ঢেকীয়া বননীৰ মাজত পুৱা ৭ মান বজাত ধোঁৱা নিৰ্গত হৈ থকা এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে ব্যক্তিগৰাকীয়ে নিকটৱৰ্তী লোকৰ লগতে স্থানীয় জামুগুৰি আৰক্ষীক এই সম্পৰ্কত অৱগত কৰে৷

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই গাঁওৰক্ষী বাহিনীৰ লোকে সেই স্থানলৈ সমাগম ঘটা জনতাক ধোঁৱা ওলাই থকা স্থানৰ পৰা কিছু আঁতৰলৈ যাবলৈ আহ্বান জনায় গাঁওৰক্ষী বাহিনীৰ সম্পাদক দুগৰাকীয়ে ধোঁৱা ওলাই থকাৰ কাৰণ প্ৰত্যক্ষ কৰিবলৈ যাওঁতেই হঠাৎ সেই স্থানত বিষ্ফোৰণ সংঘটিত হয়৷ বিষ্ফোৰণৰ ফলত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰাজকুমাৰ চেত্ৰী আৰু ৰঘু বৰা আহত হয়৷ ৰঘু বৰাৰ আঘাত সামান্য যদিও আনজন আহত ৰাজকুমাৰ চেত্ৰীয়ে মুখমণ্ডল আৰু বুকুত আঘাতপ্ৰাপ্ত হয়৷

ইয়াৰ পিছতে ঘটনাস্থলীত জামুগুৰি আৰু চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত দুয়োগৰাকী বিষয়া ক্ৰমে মাণিক বৰমুদৈ আৰু কল্পজ্যোতি শৰ্মা অগ্নিনিৰ্বাপক বাহিনীক লগত লৈ উক্ত স্থানত উপস্থিত হৈ বিষ্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা বটল সদৃশ বিষ্ফোৰক সামগ্ৰীটি উদ্ধাৰ কৰি সেই স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা পানী মাৰি জামুগুৰি আৰক্ষী থানালৈ উভতি আহে৷ কিন্তু আৰক্ষীৰ লোক ঘটনাস্থলীৰ পৰা উভতি অহাৰ আধাঘণ্টাৰ পাছতেই পুনৰ বিষ্ফোৰিত স্থানৰ পৰা প্ৰচণ্ড ধোঁৱা নিৰ্গত হোৱাত হুৱাদুৱা লাগে অঞ্চলটিত৷

পুনৰ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰোৱাত বিশ্বনাথ জিলাৰ আৰক্ষী অধিক্ষক ৰাকেশ ৰোচন, অতিৰিক্ত আৰক্ষী অধিক্ষক জয়ন্ত সাৰথি বৰা, সেনাৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টি তন্নতন্নকৈ চোৱাচিতা কৰাৰ লগতে বিষ্ফোৰণ সংঘটিত হোৱা স্থানত জেচিবিৰ সহায়ত খান্দি অন্য কোনো বিষ্ফোৰক জাতীয় সামগ্ৰী আছে নেকি পৰীক্ষা কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে আকৌ পানী মৰাৰ ব্যৱস্থা কৰে৷ অৱশ্যে দ্বিতীয়বাৰ সেইস্থানৰ পৰা কোনো ধৰণৰ বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে৷

জামুগুৰিহাটৰ উত্তৰাঞ্চলত এইদৰে পুৱাই বটলসদৃশ এই বোমা বিষ্ফোৰিত হোৱা খবৰ চৌদিশে বিয়পি পৰাৰ সময়ত শংকিত হৈ পৰা অঞ্চলবাসীয়ে এয়া কোনো উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংস্থাপিত কৰা বোমা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও ঘটনাস্থলীত উপস্থিত হোৱা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এইয়া কোনো উগ্ৰপন্থীৰ দ্বাৰা সংস্থাপিত বোমা নহয় বুলি উল্লেখ কৰি ৰাইজক ভয় আৰু শংকিত নহ’বলৈ আহ্বান জনায়৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে যিহেতু জামুগুৰিহাটৰ উত্তৰাঞ্চলত পূৰ্বতে ভাৰতীয় সেনাবাহিনীৰ প্ৰশিক্ষণ শিবিৰ আছিল আৰু সেইয়া সেই সময়তেই সেনাবাহিনীয়ে প্ৰশিক্ষণত ব্যৱহাৰ কৰা ৮১ এম এম মৰ্টাৰ বুলি প্ৰকাশ কৰে৷

স্থানীয় ৰাইজৰ প্ৰশ্ন এয়াই যে বহুদিনীয়া এটি ব্যৱহৃত মৰ্টাৰ সেই স্থানত কেনেকৈ বিষ্ফোৰণ হ’বলৈ পালে, বিষ্ফোৰণত দুগৰাকীকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হ’বলৈ পালে কেনেকৈ, যদি বহু পুৰণি সেই মৰ্টাৰ তেন্তে কেনেকৈ শব্দৰে বিষ্ফোৰিত হ’বলৈ পালে আদি অনেক প্ৰশ্নই এতিয়া জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ মনত দোলা দি ৰাখিছে৷ সি যিকি নহওক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতেই জামুগুৰিহাটৰ উত্তৰাঞ্চলত এইদৰে আজি বোমাসদৃশ বটল বিষ্ফোৰিত হৈ দুজন ব্যক্তি আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটিতেই চাঞ্চল্য অব্যাহত আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।