গৌতম ৰয় এতিয়া বৰাকৰ ৰজা নহয়

 08/11/2019 - 20:17

ডিজিটেল ডেস্কঃ দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ আৰু যুৱ নেতা হিৰণ্য ভূঞাই। যোগদানৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ঘোষণা কৰে যে বৰাকৰ এসময়ৰ ৰজা গৌতম ৰয় এতিয়া বৰাকৰ ৰজা নহয়। বিজেপিত সাধাৰণ কৰ্মীৰ দৰে কাম কৰিব লাগিব ৰয়ে। গৌতম ৰয়ক ‘ৰজা’ বুলি নিলিখিবলৈ সংবাদ মাধ্যমকো অনুৰোধ জনায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

তিনিওগৰাকী নেতা সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে কোনেও নাভাৱিব গৌতম ৰয়ে ৰাতাবাৰীত, শান্তিয়াজ কুজুৰে ৰঙাপাৰাৰ উপ–নিৰ্বাচনত টিকট পাব বুলি, তিনিওগৰাকী নেতাই দলৰ হৈ কাম কৰিব লাগিব। কংগ্ৰেছ দলৰ যি আচাৰ ব্যৱহাৰ আৰু পৰম্পৰা বিজেপিৰ লগত আকাশ পাোল পার্থক্য আছে।

ৰণজিৎ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰত গৌতম ৰয়ে কয় 'মই ‘ৰজা’ নহয়, গান–নৃত্য সকলো বাদ দিলো। মই কেতিয়াও কোৱা নাই মই বৰাকৰ ৰজা বুলি। কংগ্ৰেছ আৰু বিজেপিত যথেষ্ট পাৰ্থক্য আছে। বিজেপিত মই নিজে আহিছোঁ। মই যিমান পাৰোঁ সহায় কৰিম। বিজেপি আগুৱাই যাওক।’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।