জনীয়াঃ চাৰ্চ অক্সিলিয়াৰী ফৰ ছ’চিয়েল একচন চমুকৈ 'কাচা'ৰ সৌজন্যত আৰু দুবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এন জি অ’ জনীয়াস্থিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত শনিবাৰে এ জি ইউ পিৰ কাৰ্যালয় প্ৰাংগণত মন্দিয়া আৰু ৰুপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪০০ বানপীড়িত হিতাধিকাৰীক সাহায্য বিতৰণ কৰা হয়। তদুলক্ষে অনুষ্ঠিত বানপানী সাহায্য কাৰ্যসূচীত আদৰণি ভাষণ দিয়ে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে।
উক্ত বান সাহায্য বিতৰণী সভাত কাচা সংগঠনৰ লিচু মেৰু, যোচেফ পি শ্যাম, বৰপেটা ডি এল এচ এৰ সচিব ছৰিফ উদ্দিন আহমেদ পাঠান, বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া ডঃ নন্দিতা দত্ত, বৰপেটা খাদ্য সুৰক্ষা বিষয়া জয়ন্ত কুমাৰ দাস, এন ডি আৰ এফৰ পৰিদৰ্শক মিলন কুমাৰ হাজৰিকা, উপ পৰিদৰ্শক পি কে দাস, জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলী, বৰপেটা জিলা পৰিষদৰ সদস্য এম হাবিবুল্লাহ, বিশিষ্ট সমাজকৰ্মী আব্দুল জলিল তালুকদাৰকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।